Advertisement

Assam Govt hints at questioning anomalies after publication of final NRC

Assam Govt hints at questioning anomalies after publication of final NRC চূৰান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছত বিসংগতিক লৈ প্ৰশ্ন উত্থাপনৰ স্পষ্ট ইংগিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে অনুষ্ঠিত এক বৈঠকৰ পাছত এই ইংগিত দি মুখ্যমন্ত্ৰীজনে কয় যে চূৰান্ত NRC প্ৰকাশৰ পাছত গণতন্ত্ৰত এই সন্দৰ্ভত চৰকাৰ তথা ৰাইজৰ প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে। উল্লেখ্য যে অহা ৩১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব। চূৰান্ত NRC প্ৰকাশৰ প্ৰাকক্ষণত এই সন্দৰ্ভত বিভিন্ন পক্ষই বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ৩১ আগষ্টত চূৰান্ত NRC প্ৰকাশ পাবই বুলি ৰায় দিয়ে। ইয়াৰ পাছতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰা বক্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,NRC,NRC Assam,NRC Update Assam,Sarbananda Sonowal,Sonowal Meets Amit Shah,Amit Shah,Assam News,Assam,News Live,

Post a Comment

0 Comments